Datasets:
id int64 26 138k | title stringlengths 1 81 | text stringlengths 100 80k | source class label 4
classes | url stringlengths 31 111 |
|---|---|---|---|---|
109,481 | ৰিয়েল মাদ্ৰিদ চি এফ | ৰিয়েল মাদ্ৰিদ ক্লাব ডি ফুটবল, সাধাৰণতে ৰিয়েল মাদ্ৰিদ বুলি কোৱা হয়, মাদ্ৰিদত অৱস্থিত এটা স্পেনিছ পেছাদাৰী ফুটবল ক্লাব। ক্লাবটোৱে স্পেনিছ ফুটবলৰ শীৰ্ষ স্তৰৰ লা লিগাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
১৯০২ চনত মাদ্ৰিদ ফুটবল ক্লাব হিচাপে প্ৰতিষ্ঠা হোৱা এই ক্লাবটোৱে পৰম্পৰাগতভাৱে আৰম্ভণিৰে পৰাই বগা ৰঙৰ হোম কিট পিন্ধি আহিছে। সন... | 0wikipedia | https://as.wikipedia.org/wiki/ৰিয়েল_মাদ্ৰিদ_চি_এফ |
101,200 | নিতুন কুণ্ডু | নিত্য গোপাল কুণ্ডু (; ৩ ডিচেম্বৰ ১৯৩৫ – ১৫ ছেপ্টেম্বৰ ২০০৬) আছিল এজন বাংলাদেশী শিল্পী, ভাস্কৰ্য শিল্পী আৰু উদ্যোগী। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কুণ্ডুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অটবি নামৰ এটা আচবাবৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল।
প্ৰাথমিক জীৱন
বাংলাদেশৰ দিনাজপুৰ জিলাত কায়স্থ পিতৃ-মাতৃ জ্ঞানেন্দ্ৰন... | 0wikipedia | https://as.wikipedia.org/wiki/নিতুন_কুণ্ডু |
103,600 | বিজয়া ৰায় | বিজয়া ৰায়, জন্ম নাম: বিজয়া দাস, জন্ম: ২৭ অক্টোবৰ ১৯১৭ – মৃত্যু: ২ জুন ২০১৫ চন, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ পত্নী। তেওঁলোকৰ পুত্ৰ সন্দীপ ৰায়ো এজন চলচ্চিত্ৰ পৰিচালক। বিজয়া প্ৰথমাৱস্থাত সত্যজিতৰ মাকৰ ফালৰ সম্পৰ্কৰ ভনীয়েক আছিল। বিজয়াৰ দেউতাক সত্যজিতৰ মাকৰ সম্পৰ্কীয় ডাঙৰ ভায়েক আছিল। বিজয়াৰ সৈতে দীৰ্ঘদ... | 0wikipedia | https://as.wikipedia.org/wiki/বিজয়া_ৰায় |
134,239 | কৰ্পূৰী দেৱী | কৰ্পূৰী দেৱী (১৯২৯–৩০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় লোক শিল্পী আছিল। তেওঁ মধুবাণী কলা পৰম্পৰাৰ চিত্ৰকলা আৰু সুজনি পৰম্পৰাৰ বস্ত্ৰ শিল্প সৃষ্টিৰ বাবে জনাজাত আছিল। মধুবাণী কলা বিক্ৰী কৰি তেওঁ সমালোচনাত্মক আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছিল। তেওঁৰ কৰ্মৰাজি ভাৰতৰ লগতে জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ... | 0wikipedia | https://as.wikipedia.org/wiki/কৰ্পূৰী_দেৱী |
3,124 | ধূলিয়ৰি ভৰিৰ সাঁচ | ধূলিয়ৰি ভৰিৰ সাঁচ সাহিত্য অকাডেমি বঁটা বিজয়ী কবি ৰবীন্দ্ৰ সৰকাৰৰ কাব্যগ্ৰন্থ। ষ্টুডেন্টচ্ ষ্ট'ৰচ এ ২০১১ চনৰ অক্টোবৰত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনে ২০১৩ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উদ্ধৃতি
"কথাৰ সিপাৰে তুমি ৰৈ আছাআন্ধাৰ আৰু পোহৰৰ দুমোজাতশিল্পিত কৰুণ এটি নীৰৱতা।"
"অন্তহীন এই জীৱনৰ সেউজীয়াঅন্তহীন এই মৃত্যুৰ ধ... | 3wikiquote | https://as.wikiquote.org/wiki/ধূলিয়ৰি_ভৰিৰ_সাঁচ |
790 | মহাবীৰ | মহাবীৰ বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ভাৰতৰ বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়। প্ৰায় চাৰে বাৰ বছৰ তেওঁ পৰম জ্ঞানৰ সন্ধানত কঠোৰ তপ আৰু ব্ৰহ্মচাৰ্য প... | 3wikiquote | https://as.wikiquote.org/wiki/মহাবীৰ |
4,422 | মহাকৰ্ষণ | ]] ৰ মহাকাশচাৰী ডেভিদ স্কট চন্দ্ৰৰ পৃষ্ঠত গেলিলিঅ' গেলিলিৰ বিখ্যাত মধ্যাকৰ্ষণৰ পৰীক্ষা প্ৰত্যাপন কৰা অৱস্থাত। (১.৩৮ এম বি, অ' জি জি/থেওৰা বিন্যাসত)
মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাক... | 0wikipedia | https://as.wikipedia.org/wiki/মহাকৰ্ষণ |
34,224 | ইটাগুৰীয়া | ইটাগুৰীয়া (, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
বিৱৰণ
ইটাগুৰীয়াৰ দেহৰ আকাৰ সৰু, দৈৰ্ঘ্য প্ৰায় ৩৮ ছে: মি:৷ ইয়াৰ ডিঙি চুটি, ঠোঁট দীঘল৷ পূৰ্ণবয়স্ক মতা ইটাগুৰীয়াৰ দেহটো মাখন বৰণীয়া আৰু পেট... | 0wikipedia | https://as.wikipedia.org/wiki/ইটাগুৰীয়া |
548 | তৰুণ ৰাম ফুকন | তৰুণ ৰাম ফুকন (; ১৮৭৭ – ১৯৩৯) ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। ১৯২৭ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। ১৯৩৮ চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা ... | 3wikiquote | https://as.wikiquote.org/wiki/তৰুণ_ৰাম_ফুকন |
43,939 | ধনুষ্টংকাৰ | ধনুষ্টংকাৰ (tetanus বা lockjaw) মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত সিৰামূৰি মুখৰ পাৰিত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে। সিৰামূৰি প্ৰতিবাৰতে কেইমিনিটমান থাকে আৰু তিনি বা চাৰি সপ্তাহলৈ বাৰে বাৰে দেখা দিয়ে। সংক্ৰমণৰ তিনিৰ পৰা একৈছ দিন পাছত লক্ষণে দেখা দিয়ে। আৰোগ্য হ'বলৈ কেইবামাহো লাগিব পাৰে। সংক্ৰ... | 0wikipedia | https://as.wikipedia.org/wiki/ধনুষ্টংকাৰ |
2,073 | সৰোজিনী নাইডু | সৰোজিনী নাইডু (ইংৰাজী: Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়। তেখেত একাধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন... | 3wikiquote | https://as.wikiquote.org/wiki/সৰোজিনী_নাইডু |
133,073 | জুলিয়েট লিউইচ | জুলিয়েট লেক লিউইচ (ইংৰাজী: Juliette Lake Lewis; জন্ম: ২১ জুন, ১৯৭৩) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁ বিশেষকৈ ব্যতিক্ৰমী চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিবোৰ প্ৰায়ে অন্ধকাৰ কাহিনী আৰু পটভূমিৰ চলচ্চিত্ৰত দেখা পোৱা যায়। ১৯৯০ চনৰ আৰম্ভণিতে কেইবাখনো স্বতন্ত্ৰ আৰু আৰ্ট চলচ্চিত্ৰত অভিনয় কৰি লিউইচে আ... | 0wikipedia | https://as.wikipedia.org/wiki/জুলিয়েট_লিউইচ |
137,385 | এ ডি লোগানাথন | মেজৰ জেনেৰেল আৰ্কট ড’ৰাইস্বামী লোগানাদন (কিছুমান ঐতিহাসিক উল্লেখত 'লোগানাথন' বুলিও বানান কৰা হয়) (১২ এপ্ৰিল ১৮৮৮ – ৯ মাৰ্চ ১৯৪৯) ভাৰতীয় জাতীয় সেনাবাহিনীৰ এজন বিষয়া আছিল (যি সেনাবাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতৰ বিৰুদ্ধে জাপানী সাম্ৰাজ্যৰ সৈতে মিত্ৰতা কৰিছিল), আৰু আজাদ হিন্দ চৰকাৰৰ মন্ত্ৰীও আছিল (আন এট... | 0wikipedia | https://as.wikipedia.org/wiki/এ_ডি_লোগানাথন |
129,793 | গুগল যোগাযোগ | গুগল যোগাযোগ হৈছে গুগলৰ দ্বাৰা বিকশিত এটা যোগাযোগ ব্যৱস্থাপনা সেৱা। ই এটা এণ্ড্ৰইড মোবাইল এপ, এটা ৱেব এপ, বা গুগল ৱৰ্কস্পেচৰ অংশ হিচাপে জিমেইলৰ চাইডবাৰত উপলব্ধ।
ইতিহাস
Google Contactsৰ আৰম্ভণি হৈছিল Gmailত অন্তৰ্ভুক্ত থকা যোগাযোগ ব্যৱস্থাপক হিচাপে, যিটো ২০০৭ চনত প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ, ২০১০ চনত Nexus ডিভাইচসমূহৰ ব... | 0wikipedia | https://as.wikipedia.org/wiki/গুগল_যোগাযোগ |
109,995 | এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা | এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা প্ৰতি বছৰে ডিচেম্বৰ মাহত ছিংগাপুৰ মিডিয়া ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদান কৰা হয়। এছিয়া-পেচিফিক অঞ্চলৰ ১৬খন দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত তেওঁলোকে উৎকৃষ্টতাক বাবে এই বঁটা প্ৰদান কৰি স্বীকৃতি দিয়া হয়। ২০১৮ চনৰ পৰা প্ৰদান কৰা এই বঁটাসমূহ এছিয়া মহাদেশৰ অস্কাৰ বঁটা আখ্যা দিয়া হয়।
... | 0wikipedia | https://as.wikipedia.org/wiki/এছিয়ান_একাডেমী_ক্ৰিয়েটিভ_বঁটা |
105,730 | পয়েট্ৰী উইডাউট ফীয়েৰ | পয়েট্ৰী উইডাউট ফীয়েৰ (Poetry Without Fear, ISSN 2583 4258) অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন তিনিমহীয়া দ্বিভাষিক কবিতা বিষয়ক ই-আলোচনী। ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া কবিতা আৰু সামগ্ৰিকভাৱে কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে এই আলোচনীখন... | 0wikipedia | https://as.wikipedia.org/wiki/পয়েট্ৰী_উইডাউট_ফীয়েৰ |
102,827 | বঞ্জাৰা | বঞ্জাৰা বা লম্বাডা সকল ভাৰতত পোৱা যাযাবৰী জনজাতি।
ব্যুৎপত্তি
গোৰসকলে সাধাৰণতে নিজকে বঞ্জাৰা আৰু বাহিৰৰ লোকসকলক কোৰ বুলি কয়, কিন্তু এই ব্যৱহাৰ তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ বাহিৰলৈও বিস্তৃত নহয়। মতিৰাজ ৰাথোড়ৰ মতে এই সম্প্ৰদায়টো খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ আশে-পাশে বাঞ্জৰা নামেৰে পৰিচিত হৈছিল আৰু ইয়াৰ পূৰ্বে লমনৰ সৈতে ক... | 0wikipedia | https://as.wikipedia.org/wiki/বঞ্জাৰা |
134,165 | ট্ৰেন্সভেষ্টিগেশ্বন | ট্ৰেন্সভেষ্টিগেশ্বন (ইংৰাজী: Transvestigation; 'ট্ৰেন্সজেণ্ডাৰ' আৰু 'ইনভেষ্টিগেশ্বন' শব্দৰ সংমিশ্ৰণ) হ’ল এক ষড়যন্ত্ৰমূলক তত্ত্ব (conspiracy theory), য’ত দাবী কৰা হয় যে বহুতো চেলিব্ৰিটি আৰু অন্যান্য প্ৰখ্যাত ব্যক্তি প্ৰকৃততে ট্ৰেন্সজেণ্ডাৰ (অথবা ইয়াৰ বিপৰীতে, কিছুমান মুকলিভাৱে ট্ৰেন্সজেণ্ডাৰ চেলিব্ৰিটি প্ৰকৃততে চিচজে... | 0wikipedia | https://as.wikipedia.org/wiki/ট্ৰেন্সভেষ্টিগেশ্বন |
135,913 | মেগী গ্ৰেছ | মাৰ্গাৰেট গ্ৰেছ ডেনিচ (ইংৰাজী: Margaret Grace Denig; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক লষ্টত (২০০৪–২০০৬; ২০১০) শ্বেনন ৰাডাৰফৰ্ড, টেকেন ত্ৰিলোজীত (২০০৮–২০১৪) কিম মিলছ, দ্য টুৱাইলাইট চাগাত (২০১১–২০১২) ইৰিনা আৰু ফিয়াৰ দ্য ৱাকিং ডেডত (২০১৮–২০২১) আলথিয়া চেকচিক-প্ৰজিগস্কিৰ ... | 0wikipedia | https://as.wikipedia.org/wiki/মেগী_গ্ৰেছ |
127,059 | ৰাণা থাৰু | ৰাণা থাৰু সাধাৰণতে নেপাল আৰু ভাৰতৰ থাৰু জনগোষ্ঠীৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা এটা জনগোষ্ঠী। তেওঁলোকে সুদূৰ পশ্চিম নেপালী তৰাইৰ কৈলালি আৰু কাঞ্চনপুৰ জিলাত আৰু লগতে ভাৰতত, উত্তৰ প্ৰদেশৰ উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু খেৰী জিলাত বাস কৰে। ২০০১ চনলৈকে উত্তৰাখণ্ডৰ পাঁচটা অনুসূচিত জনজাতিৰ ভিতৰত ৰাণা থাৰু জনগোষ্ঠী আছিল আটাইতক... | 0wikipedia | https://as.wikipedia.org/wiki/ৰাণা_থাৰু |
118,277 | কিম ইউ-জুং | কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।
তেওঁৰ অভিনীত টেলিভিছন শৃংখলাসমূহত ডং ই (২০১০), মুন এমব্ৰেচিং দ... | 0wikipedia | https://as.wikipedia.org/wiki/কিম_ইউ-জুং |
65,782 | ধ্ৰুৱ | ধ্ৰুৱ (, 'অদম্য, অস্থাৱৰ, বা বদ্ধমূল') ভগৱান বিষ্ণুৰ এগৰাকী উল্লেখযোগ্য এগৰাকী কৃচ্ছ্ৰ তপস্বী আছিল। তেওঁৰ বিষয়ে বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত বৰ্ণিত হৈছে।
মহাভাৰতত মেৰু তৰা বুজাবলৈ 'ধ্ৰুৱ নক্ষত্ৰ' (বা "ধ্ৰুৱ তৰা") সংস্কৃত শব্দগুচ্ছ ব্যৱহৃত হৈছিল। মানৱ ৰূপত তেওঁক উত্তনপদৰ পুত্ৰ আৰু মনুৰ নাতি হিচাপে আখ্যায়িত কৰা হৈছিল... | 0wikipedia | https://as.wikipedia.org/wiki/ধ্ৰুৱ |
112,547 | নমিতা থাপাৰ | নমিতা থাপাৰ ( জন্ম :২১ মাৰ্চ,১৯৭৭) এগৰাকী ভাৰতীয় মহিলা উদ্যোগী, ব্যৱসায়িক কাৰ্যবাহী আৰু এঞ্জেল বিনিয়োগকাৰী। তেওঁ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক। তেওঁ ১০০ তকৈও অধিক কোম্পানীত বিনিয়োগ কৰা চাৰ্ক টেংক ইণ্ডিয়াৰ এগৰাকী বিশিষ্ট বিনিয়োগকাৰী। নমিতা 'থাপাৰ এনট্ৰেনাৰ একাডেমী'ৰ প্ৰতিষ্ঠাপক।
প্ৰাৰম্ভিক জীৱন আৰু শি... | 0wikipedia | https://as.wikipedia.org/wiki/নমিতা_থাপাৰ |
44,990 | ৰিয়ান পৰাগ | ৰিয়ান পৰাগ দাস (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল। তেওঁ এজন বেটিং অল ৰাউণ্ডাৰ, যিয়ে মিডল অৰ্ডাৰত সোঁহাতেৰে বেটিং কৰে; আৰু ৰাইট আৰ্ম... | 0wikipedia | https://as.wikipedia.org/wiki/ৰিয়ান_পৰাগ |
End of preview. Expand in Data Studio
Assamese Wiki Corpus (ananddey/assamese-wiki-corpus)
A clean, large scale Assamese text corpus spanning wiki articles, literary works, dictionary entries, and quotations, curated for language model pre training, fine tuning, and NLP research.
Total characters: 65,899,040
Approximate tokens : 16,474,760 (16.5M)
Fields
| Field | Type | Description |
|---|---|---|
id |
int64 | Wikimedia page ID |
title |
string | Page title |
text |
string | Cleaned plain text content |
source |
class_label | Source project (wikipedia, wikisource, wiktionary, wikiquote) |
url |
string | URL to the original page |
Splits
| Split | Pages | Chars | ~Tokens |
|---|---|---|---|
| train | 24,829 | 63,891,401 | 15,972,850 |
| validation | 800 | 2,007,639 | 501,909 |
Usage
from datasets import load_dataset
dataset = load_dataset("ananddey/assamese-wiki-corpus")
print(dataset["train"][0])
For language model training
This dataset provides clean Assamese text ready for tokenization. Strip the metadata columns:
dataset = dataset.remove_columns(['id', 'title', 'source', 'url'])
License
Content from this projects is available under CC BY-SA 4.0.
Citation
@dataset{ananddey_assamese_wiki_corpus,
author = {Anand Dey},
title = {Assamese Wiki Corpus},
year = {2026},
url = {https://huggingface.co/datasets/ananddey/assamese-wiki-corpus}
}
- Downloads last month
- 54